Contract
ভাৰত আৰু বা➍লাদেশৰ মাজত এনকলেভৰ বিনিময়
১৯৭৪ চনৰ স্থল সীমান্ত চুক্তি(এলবিএ)আৰু ২০১১ চনৰ প্ৰটোকলৰ অন্তৰ্গত ভাৰত আৰু বা➍লাদেশৰ মাজত এনক্লেভ সমুহৰ বিনিময় সম্পৰ্কে
৬-৭ জুন ২০১৫ প্ৰধানমন্ত্ৰী xxxxxxxx xxxxx বা➍লাদেশ ভ্ৰমণ কালত
যি প্ৰক্ৰিয়া সম্বন্ধে দুয়োদেশৰ প্ৰধানমন্ত্ৰীৰ মাজত ঐক্যমত গঢ.ি
উঠিছিল তাৰ ভিত্তিতেই ২০১৫ চনৰ ৩১ জুলাইৰ মাজৰাতিৰ পৰাই দীৰ্ঘকাল ধৰি ভাৰতৰ মাজত অৱস্থিত বা➍লাদেশৰ ৫১ খন এনক্লেভ আৰু দীৰ্ঘকাল ধৰি বা➍লাদেশৰ মাজত অৱস্থিত ভাৰতৰ ১১১ খন এনক্লেভ দুয়োদেশৰ মাজত বাস্তৱিকতে স্থানান্তৰিত হয় ।এনক্লেভ সমুহৰ অতি সুক্ষ্মভাৱে
কৰা যুটিয়া সমীক্ষাৰ ভিত্তিত স্পষ্ট হয় যে ভাৰতবৰ্ষৰ ভূখণ্ডত অৱস্থিত দীৰ্ঘকাল ধৰি ভাৰতীয় এনক্লেভসমুহৰ ৩৮,৫২১ জন বাসিন্দাৰ মাজত
৯৮৯ জনৰ ভাৰতীয় নাগৰিকত্ব বাহাল ৰখাৰ পক্ষে মত দিয়া হৈছে আৰু ভাৰতীয় ভূখণ্ডত অৱস্থিত দীৰ্ঘকালৰ বা➍লাদেশী এনক্লেভৰ ১৪,৮৬৩ জন বাসিন্দাক ভাৰতীয় নাগৰিকত্ব গ্ৰহণৰ পক্ষে মত প্ৰদান কৰে ।
ভাৰত-বা➍লাদেশ যুটিয়া সীমান্ত কাৰ্য্যকৰি গোষ্ঠীৰ তত্ত্বাবধানত শাৰিৰীকভাৱে এই সকল বাসিন্দাৰ স্থানান্তৰৰ পদ্ধতি ঠিৰা➍ কৰা হয়
।পশ্চিমব➍গ চৰকাৰে অস্থায়িভাৱে পুনৰস➍স্থাপনৰ শিবিৰ সমুহত এই সকল বাসিন্দাৰ থকা-খোৱাৰ ব্যৱস্থাৰ লগতে প্ৰয়োজনীয় নথিপত্ৰৰ বিতৰনৰ বাবে বিস্তৃতভাৱে ব্যৱস্থাপনা গঢ.ি তোলে ।এই পুনৰস➍স্থাপনৰ
শিবিৰসমুহত কৰা ব্যৱস্থা সমুহৰ ভিতৰত আছে টিঙৰে নিৰ্মিত
বাসস্থান,বিভিন্ন ধৰনৰ পাকঘৰৰ উপৰিও পৃথকভাৱে খোৱা-বোৱা কৰাৰ বাবে কোঠাৰ ব্যৱস্থা,অঙ্গনবাৰী কেন্দ্ৰ,খেলা-ধুলাৰ বিভিন্ন সামগ্ৰীসহ ইত্যাদী ব্যৱস্থা কৰা হৈছে ।প্ৰতিটো পৰিয়ালৰ বাবে বে➍ক একাউন্ট
খোলা,বায়োমেট্ৰিক পঞ্জীকৰণ,মুদ্ৰা বিনিময় আৰু পৰিত্ৰান সামগ্ৰিৰ পেকেটৰ ব্যৱস্থা কৰা হৈছে ।যোৱাকালি চ্যা➍ড.াবান্ধ(ভাৰত)-
বুড.িমাৰি(বা➍লাদেশ)অভিবাসন চেকপোষ্টৰে ৬২ জন ব্যক্তিৰ প্ৰথমটোদল উপস্থিত হয় ।কোচবিহাৰ জিলা প্ৰশাসনৰ দ্বাৰা আয়োজিত এক আনন্দমুখৰ অনুষ্ঠানৰ মাজেৰে তেওঁলোকক সন্মানৰে xxxxx xxxxx হয় ।কোচবিহাৰ জিলাৰ সা➍সদ,কোচবিহাৰ জিলাৰ
বিধায়ক,কোচবিহাৰ জিলাৰ জিলা প্ৰশাসক আৰু পুলিছ
চুপাৰিটেনডেন্ট,ৰাজচাহী অৱস্থিত ভাৰতৰ চৰকাৰী উচ্চায়ুক্তআৰু অন্যান্য বহুলোক ভাৰতীয় সকলৰ প্ৰত্যাৱতৰ্নৰ আদৰনি জনোৱাৰ বাবে উপস্থিত আছিল ।নিৰ্দ্ধাৰিত চূড.ান্ত সময়সীমা ২০১৫ চনৰ ৩০ নভেম্বৰৰ মাজত আৰু ৮ টা অধিক লোকৰ টুকুৰী(বেটচ্) ভাৰতলৈ ঘূৰি আহিব ।
নতুন দিল্লী
২০ নভেম্বৰ ২০১৫